Eikut Bikut Chikut (Mising)
Eikut Bikut Chikut (Mising)
Publisher: Eklavya
Author: Ayang Trust and Hummingbird School Book Development Team
Illustrator: Hummingbird School Students
ISBN: 978-81-19771-50-9
Binding: Paperback
Language: Mising
Pages: 20
Published: Mar-2024
Couldn't load pickup availability
Share
আমাৰ কথা
ইকুট-বিকুট-চিকুট" কিতাপখনৰ সংকলনটি গাঁও বা চাপৰি অঞ্চলৰ লোকসকলৰ মুখে-মুখে চলি থকা কিছুমান খেল-ধেমালিৰ গীত। এই খেল গীত সমূহ বেছি ভাগেই আমাৰ ককা-আইতাহঁতে নাতি নাতিনীহঁতৰ লগত আজৰি পৰত গাই গাই খেলি থকা দেখা যায়। এই গীতবোৰে শিশু সকলক মনোৰঞ্জনৰ লগে লগে ভাষাৰ দক্ষতা আৰু বিকাশ বৃদ্ধিও কৰে। ছন্দ মিলোৱা কথা বোৰ তেওঁ লোকে বৰ ভাল পায় - এই গীতবোৰ নিজেই গাই ৰচনা কৰে আৰু খেলৰ নীতি-নিয়ম নিজৰ মতে বনাই লয়। শিশু সকলৰ লগত যেতিয়া আমি এই খেল গীত বোৰ খেলো, তেতিয়া তেওঁলোকৰ মাজৰ পৰাই কিছুমান নতুন শব্দ আৰু নিয়ম গীতৰ লগত জড়িত হয়। শিশুৰ এই খেল ধেমালিবোৰ এনেদৰে কিতাপৰ আকাৰ দিবলৈ চেষ্টা কৰা হৈছে।
এই পুথিখনৰ চিত্ৰকল্পবোৰ জীৱন্ত কৰি তোলাৰ মূলতে হ'ল মাজুলীৰ হামিংবার্ড বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল। এই চিত্ৰকল্পৰ পুথিখন প্রাণ পাই উঠিল 'নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন" ৰ স্নাতক জিৎ কমল দাসৰ সহযোগত। জিৎ ৰ সঞ্চালনত এটা চিত্ৰকল্পৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ বাবে আমাৰ ছাত্র-ছাত্রী সকলে এটা লিখনিক কেনেদৰে চিত্ৰ ৰূপ দিব পাৰি সেই বিষয়ে অভিজ্ঞতা লাভ কৰিলে। ই কেৱল ছাত্ৰ-ছাত্ৰীৰ চিত্ৰ চোৱাৰ নতুন দিশ মুকলি কৰাই নহয়, এই সংকলনত চিত্ৰবোৰ প্ৰাণৱন্ত হৈ উঠিল।
আমি আশা কৰোঁ "ইকুট-বিকুট-চিকুট” কিতাপখন প্রাক প্রাথমিক পৰ্য্যায়ৰ শিক্ষাৰ এক বিশেষ অংশ হৈ পৰিব। লগতে আশা কৰোঁ প্রাপ্তবয়স্ক সকলেও কিতাপখন ভাল পাব।
ইতি
আয়াং ট্রাষ্ট আৰু হামিংবার্ড বিদ্যালযৰ
বুক ডেভেলপমেন্ট টীম

