Khichadi…. Ek Lok Katha Big Book (Assamese)
Khichadi…. Ek Lok Katha Big Book (Assamese)
Publisher: Eklavya
Author: A folk tale, retold by Jitendra Kumar
Illustrator: Durgabai Vyam
ISBN: 978-81-19771-37-0
Binding: Paperback
Language: Assamese
Pages: 12
Couldn't load pickup availability
Share
ডাঙৰ সকলৰ বাবে কিছু কথা
ডাঙৰ কিতাপ-ই সৰু ল'ৰা-ছোৱালীক কিতাপ আৰু পঢ়াৰ সৈতে পৰিচয় কৰাই দিয়াৰ এক উত্তম উপায়। যদি কোনো কাহিনী এটা গোটত ছবি দেখুৱাই শিশুক ক'ব লাগে বা শ্ৰেণীৰ সকলো ল'ৰা-ছোৱালীয়ে একেলগে কিতাপ পঢ়িব লাগে, তেন্তে সাধাৰণ আকাৰৰ কিতাপ এখন সৰু হয়। সেইবাবেই প্ৰাৰম্ভিক পৰ্যায়ৰ পঢ়ুৱৈৰ বাবে এই ডাঙৰ কিতাপবোৰ এতিয়া ভাষাৰ শ্ৰেণীকোঠাত বিশেষকৈ পঢ়া শিকোৱাৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হৈছে। কিন্তু ভাৰতীয় ভাষাৰ ডাঙৰ আকাৰৰ কিতাপ এতিয়াও বিৰল। এই প্ৰসংগত কৰা প্ৰচেষ্টাসমূহৰ ভিতৰত এটা হ'ল- খিচিৰি।
খিচিৰি শীৰ্ষক এই লোককথাটি শিশুসকলে হয়তো আগতেও শুনিছে। সেইবাবেই ইয়াৰ ব্যৱহাৰ পঢ়িবলৈ শিকাত সহায়ক হয়। এই কিতাপখন শিশুৰ সৈতে ব্যৱহাৰ কৰাৰ সময়ত কাহিনীটো পঢ়ি থাকোঁতে তেওঁলোকক চৰিত্ৰ আৰু পৰিঘটনাৰ বিষয়ে প্রশ্নোত্তৰ সুধিব। তেওঁলোকৰ লগত প্ৰতিখন ছবিৰ বিষয়ে কথা পাতিব। শিশু সকলক মধ্যপ্ৰদেশৰ এই ভিলী শৈলীৰ চিত্ৰকলাৰ বিশালতাত হেৰাই যোৱাৰ সম্পূৰ্ণ সুযোগ দিব।
এই ডাঙৰ কিতাপখনৰ লগতে এই কাহিনীৰ এখন সৰু কিতাপও বনোৱা হৈছে যিখন প্ৰতিটো শিশুৰ বাবে, যাতে তেওঁলোকে পিছতো কাহিনীটো পঢ়িব পাবে। এই ডাঙৰ কিতাপখন শ্রেণীকোঠাত বা ডাঙৰ গোটত ব্যৱহাৰ কৰাৰ সময়ত সু-নিশ্চিত কৰিব যে প্ৰতিটো শিশুৰ লগত ইয়াৰ সৰু সংস্কৰণটো উপলব্ধ থাকে।
